AssamTinsukia

সদৌ তাই আহোম ছাত্ৰ সন্থা (আটাছু) তিনিচুকীয়া সদৰ সমিতিৰ উদ্যোগত আৰু শ্ৰীপুৰীয়া অঞ্চলবাসীৰ সহযোগত, ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শ্ৰীপুৰীয়ালৈ যোৱা সংযোগী নিৰ্মাণাধীন উৰণীয়া সেতুৰ কাম অত্যন্ত ধীৰ গতিত আগবাঢ়ি থকাৰ প্ৰতি গভীৰ উদ্বেগ প্ৰকাশ কৰা হৈছে।

এই বিলম্বিত কামৰ ফলত জনসাধাৰণৰ দৈনন্দিন যাতায়াতত অসুবিধা সৃষ্টি হৈছে। সেয়ে, উক্ত সমস্যাৰ দ্রুত সমাধান বিচাৰি আৰু কামখিনি তৎপৰতাৰে সম্পূৰ্ণ কৰাৰ দাবীত আটাছুৰ তিনিচুকীয়া সদৰ সমিতিৰ তৰফৰ পৰা ২ ঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ আয়োজন কৰা হয়।

স্থানঃ তিনিচুকীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়।

এই অৱস্থানে জিলা প্ৰশাসনক লগতে ৰাজ্য চৰকাৰক উক্ত সেতু নিৰ্মাণৰ কাম যথাশীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ গম্ভীৰভাৱে পদক্ষেপ লোৱাৰ দাবী জনোৱা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *