
লুনা ভৰদ্বাজ আৰু তেওঁৰ বন্ধু অচ্যুত বৰুৱাক মহতীয়াই পলায়ন কৰা এম্বুলেঞ্চ চালক ৰেকিবুদ্দিন আহমেদে পৰৱৰ্তী সময়ত ৰঙিয়া থানাত আত্মসমৰ্পণ কৰে। কিন্তু আত্মসমৰ্পণেও ঘূৰাই আনিব নোৱাৰে লুনাক।
কেৱল গুৱাহাটী মহানগৰীতে নহয়, সমগ্ৰ অসমতে ডাম্পাৰ, এম্বুলেঞ্চসহ গধুৰ বাহনৰ বেপৰোৱা দৌৰাত্মত আজিৰ দিনত আতংকিত সাধাৰণ জনতা। যান-বাহন নিয়ন্ত্ৰণৰ অভাৱ, নিয়ম উলংঘন আৰু দায়িত্বহীন চালনাই প্ৰতিদিনে কাঢ়ি লৈছে নিৰ্দোষ মানুহৰ জীৱন।
চৰকাৰলৈ আহ্বান:
ৰাজ্য চৰকাৰে গধুৰ বাহন, ডাম্পাৰ আৰু এম্বুলেঞ্চসমূহৰ ওপৰত কঠোৰ নিয়ন্ত্ৰণ আৰোপ কৰক।
➡️ চালকৰ যথাযথ প্ৰশিক্ষণ
➡️ গতি নিয়ন্ত্ৰণ
➡️ CCTV আৰু GPS মনিটৰিং
➡️ নিয়ম উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি
এটা লুনাৰ মৃত্যু যেন অন্য লুনাৰ জীৱন ৰক্ষা কৰাৰ শেষ সতর্কবাণী হয়। এতিয়া নহ’লে কেতিয়া?



