Dibrugarh
ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ‘প্ৰত্যুক্তি’ গ্ৰন্থ উন্মোচন – শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ বিষয়ে বিৰূপ মন্তব্যৰ প্ৰতি এক তথ্যভিত্তিক প্ৰত্যুত্তৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ আসনৰ প্ৰেক্ষাগৃহত আজি মায়ামৰা সমাজৰ এক গুৰুত্বপূর্ণ গ্ৰন্থ ” প্ৰত্যুক্তি’ৰ্শীষক আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ গুৰুজনাৰ ওপৰত পূৰ্বৰ পৰাই কিছুমান মহলৰ দ্বাৰা কৰা বিৰূপ মন্তব্য আৰু অপপ্রচাৰৰ প্ৰতি তথ্যসমৃদ্ধ প্ৰত্যুত্তৰ হিচাপে গ্ৰন্থখন সংকলন কৰা হৈছে।
সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত প্ৰকাশিত এই গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন প্ৰাধ্যাপক, বিশিষ্ট শিক্ষাবিদ আৰু লেখক ডঃ ডম্বৰুধৰ নাথে।