
Assam
আজি NESO-ৰ আহ্বানত অবৈধ বাংলাদেশী উচ্ছেদৰ দাবীত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ ৰাজধানীত একযোগে প্ৰতিবাদ অনুষ্ঠিত হয়। বাংলাদেশীৰ আগ্ৰাসনত আটাইতকৈ অধিক ক্ষতিগ্ৰস্ত ৰাজ্য হিচাপে অসমে গভীৰ প্ৰভাৱ ভোগ কৰিছে।
তথাপিও সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠনসমূহে ঐক্যবদ্ধভাৱে এই দাবী আগবঢ়াইছে। সংগঠনসমূহৰ গুৱাহাটীস্থিত সদস্যসকলকো প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে।
সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, খাছী ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, নগা ছাত্ৰ ফেডাৰেছন, মিজো জিৰলাই পল আৰু ত্ৰিপুৰা ছাত্ৰ ফেডাৰেছনৰ সহযোদ্ধাসকললৈ দীঘলীপুখুৰীৰ পৰা হৃদয়ংগম শুভেচ্ছা জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই।
📣 Stay Connected with Axomiya Drishti:
🔗 Website: www.axomiyadrishti.in.net
📷 Instagram: @axomiya_drishtinews
🐦 Twitter/X: @DrishtiAxo98847
📘 Facebook: @Axomiya Drishti
📺 YouTube: @axomiyadrishtinews
📌 Like, Share & Follow — যাতে এনে সঁচা কাহিনীবোৰ সৰ্বসাধাৰণলৈ আগবঢ়াব পাৰি।



