Tinsukia
তিনচুকিয়াৰ পুত্ৰ, CRPF জোৱান সন্তোষ চৌহান কাশ্মীৰত শহীদ
কাশ্মীৰত সুৰক্ষা কৰ্তব্য পালনৰ সময়ত CRPF-ৰ ৯৬ বেটেলিয়নৰ সাহসী জোৱান সন্তোষ চৌহান আজি পুৱা শহীদ হয়.
তেওঁ ২০২৫ চনৰ ২৭ জুলাইৰ পুৱা প্ৰায় ৩ বজাত স্বৰ্গীয় হন বুলি জানিব পৰা গৈছে।
শহীদ সন্তোষ চৌহানৰ ঘৰ তিনচুকিয়াৰ টিংগৰাইহাবীত অৱস্থিত। তেওঁৰ বলিদানে সমগ্ৰ অসমৰ লগতে দেশবাসীক গভীৰ শোকত আৱদ্ধ কৰিছে।
Axomiya Drishti সংবাদ পৰিয়ালৰ পক্ষৰ পৰা শহীদ সন্তোষ চৌহানলৈ গভীৰ শ্রদ্ধাঞ্জলি।



